Online competition on State Anthem " অ' মোৰ আপোনাৰ দেশ.....” among School students, organized by DLSA, Karbi Anglong

অসমৰ জাতীয় সংগীতটি পৰিবেশনৰ এক অনলাইন প্রতিযোগিতা

শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকাৰীৰ সৌজন্যত কণ কণ শিশুসকলৰ মনত দেশপ্ৰেমৰ অনুভূতি জগাই তোলাৰ উদ্দেশ্যে অসমৰ জাতীয় সংগীতটি পৰিবেশনৰ এক অনলাইন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ এনেধৰণৰ:-

১.অসমৰ জাতীয় সংগীত " অ' মোৰ আপোনাৰ দেশ....." পৰিবেশনৰ অন্তত শ্বহীদ কনকলতা বৰুৱাৰ বিষয়ে চমুকৈ বিৱৰণ দিব লাগিব ।

২. ভিডিঅ সমূহত কোনোধৰণৰ এডিট অথবা সংযোজন কৰিব নোৱাৰিব।

৩. ভিডিঅ' সমূহ ১.৫০ মিনিট ব্যৱধানৰ হ'ব লাগিব।

৪. প্রথম শ্রেণীৰ পৰা তৃতীয় শ্রেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এই প্রতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰিব।

৫. ভিডিঅ'সমূহ আপোনালোকে হোৱাটচ্ এপ যোগে ৯৯৫৭৬৪৬১৮৯ অথবা ৭৮৯৬০৫৪৩৮১ নাম্বাৰটোলৈ প্রেৰণ কৰিব লাগিব ।

৬. ভিডিঅ'সমূহ অসমৰ যিকোনো প্রান্তৰ পৰা প্ৰেৰণ কৰিব পাৰিব।

৭. ভিডিঅ'সমূহ প্রেৰণৰ অন্তিম তাৰিখ হৈছে ২০.০৯.২০২০ .